Way of Life With Seema
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Way of Life With Seema, Health/Beauty, Golaghat.
"� Daily dose of motivation and life lessons �
� Sharing personal stories and encounters with meaningful morals.
� Inspiring change, one story at a time—join the journey!"
16/08/2025
Lisen
28/06/2025
Good morning everyone
শাৰীৰিক চিন্তাই যিদৰে
মানসিক ভাৱে প্ৰভাৱ পেলায়
মানসিক চিন্তাইও ঠিক একেদৰে
শৰীৰত প্ৰভাৱ পেলাব পাৰে ।
@ সীমা জি শৰ্মা ✍🏻
26/06/2025
সময়ৰ এটা নিৰ্ঘাট সত্য এয়াই ....
অক্টোপাছৰ দৰে মেৰিয়াই থকা সম্পৰ্ক বোৰে
সময়ত প্ৰমাণ কৰি দিয়ে যে...
কোনো সম্পৰ্কই আচলতে আপোন নহয়
নিজৰ কৰ্মৰ চাহিদাৰ বাবেহে
আপোনত্ব বজাই ৰখা হয় ।।
@ সীমা জি শৰ্মা
22/06/2025
# অনুশোচনা
তুমিয়েই নোহোৱা জানো নীলাঞ্জনা ।অদুৰত দৃষ্টি নিবদ্ধ কৰি কৈ উঠিল নিলাভে। নুশুনাৰ ভাৱত ৰৈ গৈছিল নীলাঞ্জনা। দ্বিতীয় বাৰ সোধাৰ সুবিধা দিয়া নাছিল । চঞ্চলা চপলা হৰিণীৰ দৰে আতৰি গৈছিল নীলাঞ্জনা। চাই ৰৈছিল নিলাভে। সন্দেহ উপজিছিল তাৰ মনত । নিলাভৰ নীলাঞ্জনা হবই নোৱাৰে। গহীন গম্ভীৰ নীলাঞ্জনা আৰু চঞ্চল মনৰ নীলাঞ্জনাৰ মাজত আকাশ পাতাল পাৰ্থক্য। নিলাভৰ নীলাঞ্জনা লাজকুৰীয়াৰ লগতে গহীন গম্ভীৰ আছিল । মানুহ ইমান সোনকালে পৰিবৰ্তন হব পাৰে জানো। আনে পাৰিলেও নিলাভৰ নীলাঞ্জনাই নোৱাৰে । এয়াই আছিল নিলাভৰ নীলাঞ্জনাৰ ওপৰত থকা গভীৰ ধাৰণা । এই বিশ্বাস ৰাখিয়েই আগবাঢ়িছিল নিলাভ । নীলাঞ্জনা পৰিবৰ্তন হব নোৱাৰে। পৰিবৰ্তন হৈছিল নিলাভ। নীলাঞ্জনাৰ অধিক সহজ সৰল গুণতোৱে অস্হিৰ কৰি তুলিছিল নীলাভক । অসহনীয় হয় যেতিয়া বিচৰাৰ দৰে একোৱেই নহয়। নীলাভৰো সেয়ে হৈছিল ।
মাক দেউতাকৰ একমাত্ৰ পুত্ৰৰ আজি জন্মদিন। অসহায় হৈ পৰিছে দুয়োজন । এসপ্তাহ আগতে লগৰ বন্ধু এজনৰ ঘৰলৈ যাওঁ বুলি ওলাই গৈ আজিলৈকে ঘৰলৈ ঘুৰি অহা নাই নিলাভ । থানাত খবৰ দিও বুলিও দিব পৰা নাই । কাৰণ পুত্ৰই ফোন কৰি জনাই দিছে তেওঁ কোনো বন্ধুৰ ঘৰতো যোৱা নাই , তেওঁ হেৰোৱাও নাই । বৰঞ্চ নিজৰ মৰ্জিত ঘৰ এৰি গুছি আহিছে । সেয়ে কাকো ফোন কৰি জনাই ঘৰৰ সন্মান হেৰুৱাবলৈ মানা কৰিলে। তেওঁ ঘৰ এৰি যোৱাৰ বাবে কোনো জগৰীয়া নহয় । নিজৰ স্বতন্ত্ৰতাৰ বাবে এই সিদ্ধান্ত ললে বুলি জনাই দিলে নিলাভে ।
মেঘবঞ্জনীৰ আজি বিৰাট স্ফূৰ্তি । তাইৰ ঘৰত
অলপ দিনৰ বাবে ভনীয়েক থকাকৈ আহিব । কিমান যে ভাল লাগিব । দুবছৰ ঘৰৰ পৰা আতৰি থকাৰ দৰেই হৈছে মেঘবঞ্জনীৰ । তাইৰ ভাল লগা প্ৰফেচনৰ বাবেই মাক দেউতাকৰ অমতত সিদ্ধান্ত লৈ পেলালে । মনেত সিদ্ধান্ত লৈ পেলালে মেঘৰঞ্জনীয়ে , সৈমান কৰাব মাক দেউতাকক ।তাই খালী অলপ বেছিকৈ কষ্ট কৰিব লাগিব । স্পষ্টবাদী মনোভাৱেৰে মাক দেউতাকক জনাই দিছিল , জীৱনতো তাইৰ গতিকে কেনেকৈ চলিব লাগে , কেনেকৈ চলাব লাগে এই দুয়োটা কথাৰে পাৰ্থক্য তাই নিজে বুজি আগবাঢ়ি যাব । প্ৰথমতে মডেলিঙ জগতত ভৰি দিছিল । অডিচন দি দি ভাগৰি পৰিছিল যদিও হাৰ মনা বিধৰ ছোৱালী নাছিল মেঘৰঞ্জনী । বিজ্ঞাপন জগতত দুই চাৰিটা সফলতা পোৱাৰ পাছত এতিয়া তাইৰ ৰবলৈ সময় নোপোৱাৰ দৰেই হৈছে । এই সুদীৰ্ঘ দুটা বছৰ ঘৰৰ মানুহৰ পৰা আতৰি থকাৰ পাচত আজি হঠাতে ভনীয়েকৰ ফোনতো পাই মেঘৰঞ্জনীয়ে নিজৰ সকলো প্ৰগ্ৰেম কেনচেল কৰি পেলালে ।
মেঘবঞ্জনীয়ে এয়াৰপৰ্টৰপৰা ভনীয়েকক ঘৰলৈ লৈ আহিল । মন খুলি কথা পাতিলে দুয়োজনীয়ে । মেঘবঞ্জনীৰ চকুত পৰিল তাইতকৈ হাজাৰ গুনৰ ধুনীয়া ভনীয়েক জনী যেন কৰবাত হেৰাই গল । নিজৰ মাজতেই বিভোৰ হৈ থকা ভনীয়েকৰ শিৰত সেন্দুৰ দেখি আচৰিত হৈছিল মেঘৰঞ্জনী । ভনীয়েকৰ বিয়াৰ খবৰ দিয়াৰো প্ৰয়োজন অনুভব নকৰা মাক দেউতাকলৈ হঠাতেই খঙ উঠি আহিছিল মেঘৰঞ্জনীৰ। নিজৰ সন্মান ৰক্ষাৰ্থে ভনীয়েকৰ ইচ্ছা অনিচ্ছাৰ ভুক্ষেপ নকৰি ভাল ঘৰৰ ভাল লৰা বুলি বিয়া দি ধ্বংস কৰি পেলালে নিজৰেই ছোৱালীৰ জীৱন । এইবাৰ কাৰো কথা নুশুনে মেঘবঞ্জনীয়ে , ভনীয়েকৰ জীৱন তাই গঢ় দিব । নপঠাই সেইখন ঘৰলৈ যিখন ঘৰত তাইৰ সন্মানৰ নগন্যতম চিনো নাই। বায়েকৰ মৰমত প্ৰাণপাই উঠিছিল ভনীয়েক । দুয়োজনীয়ে আপোনমনে খাইছে , ঘুৰিছে , ফুৰিছে বজাৰ কৰিছে মুঠতে সকলো । লাহে লাহে বায়েকৰ কাপোৰবোৰ পিন্ধি চাবলৈ ললে তাই ।বায়েকৰ মেকাপ আৰ্টিষ্টৰ সহায়ত তাইকো এক প্ৰকাৰ দেখাত মডেলিঙ যেনেই লগা হল। দুই এক অফাৰ আহিছিল যদিও তাই গ্ৰহণ নকৰিলে । কাৰণ দুটা---প্ৰথমতো হল -- মডেলিঙ জগত খন তাইৰ বাবে নহয়। পেচা-আৰু নিচা এই দুয়োটাৰ এটাৰো আগ্ৰহ নাই । --দুই নম্বৰতে হল -- বায়েকৰ প্ৰফেচনত তাই যাতে হেঙাৰ নহয় । মেঘৰঞ্জনীয়ে এটা অডিচন স্পট মুকলি কৰিলে। তাৰ সম্পূৰ্ণ দায়িত্বভাৰ ভনীয়েকৰ হাতত দিলে । এতিয়া দুয়োজনীৰে সময়ৰ অভাৱ। ব্যস্ততাৰ মাজেৰে সময় বোৰ পাৰ হল দুয়োজনীৰ।
মেঘৰঞ্জনী আজি ফ্ৰী হৈ আছে । সেয়ে অডিচন স্পটত যাবৰ বাবে দুয়োজনীয়ে মিলাই পিন্ধি ললে দুখন শাৰী । চিম্পল মেকআপ , মেলাচুলিৰ লগতে ইয়েৰিং দুযোৰো মিলাই পিন্ধি ললে । নামদুটা বেলেগ হোৱাৰ বাহিৰে দেখাত একেই লাগিছিল । তেওঁলোক গৈ পোৱালৈ যথেষ্ট মানুহৰ সমাগম হৈছিল। মেঘৰঞ্জনীয়ে সকলো দিশতে এবাৰ চকু ফুৰাই চালে । ভনীয়েক আহিল মানুহখিনিয়ে ৰোল ৰেগুলেচন খিনি মানি চলিচেনে নাই চাবৰ বাবে । ইতিমধ্যে মেঘৰঞ্জনীও আহি পাইছিলহি । মেনেজাৰৰ ওপৰত দায়িত্ব দি আহিব লওঁতেই এজন মানুহৰ ৰিকুৱেষ্ট আহিল মোৰ ফ্ৰেণ্ডৰ অডিচন কিমান নাম্বাৰত আছে। চাই দিব নেকি। চিনাকি মাতৰ উৎস বিচাৰি ঘুৰি চাইছিল নীলাঞ্জনাই । তাইক আচৰিত কৰি মাত দিছিল মানুহজনে -- নীলাঞ্জনা । কিন্তু কোনে মাতিলে তাইক এনেকৈ । এটা চিনাকি মাত । মেঘৰঞ্জনীয়ে ঘুৰি চাই ভনীয়েকক কৈছিল তোমাক যে মাতিছে সেয়া কোন হয় । বায়েকৰ হাতত ধৰি সাহস লৈ ঘুৰি চাইছিল নীলাঞ্জনাই ।বায়েকক কৈছিল নীলাঞ্জনাই এয়া তোমাৰ ভনীজোঁৱাই । বিষেশ কথাৰ অবতাৰণা নকৰি ভনীয়েকক লৈ ওলাই আহিল মেঘৰঞ্জনী ।
নিলাভৰ ভুল ভাগিছিল লাহে লাহে । স্বীকাৰ কৰিছিল অকপটে মেঘৰঞ্জনীৰ আগত সকলো কথা নিলাভে । কিন্তু তেতিয়ালৈ বহুত দেৰি হৈ গৈছিল । মাকৰ মুখে গম পাইছিল নিলাভে , নীলাঞ্জনাই ঘৰ এৰি অহাৰ কথাতো। কিন্তু তাই কত গৈছে কিয় গৈছে এইবোৰৰ অবতাৰণা নকৰিবৰ বাবে এখন কাগজ লিখি ওলাই আহিছিল ঘৰৰপৰা । নিলাভৰ ঘৰখন ভাঙি গৈছিল । জগৰীয়া হৈছিল নীলাঞ্জনা। ধুমধামেৰে বিয়া পাতি নিয়া চাৰিমাহৰ অতিথি নীলাঞ্জনা। দোষ আছিল জানো নীলাঞ্জনাৰ । বিচাৰ কৰি নাচালে কোনেও। আচলতে ভুল আছিল নিলাভৰ । সৰুৰে পৰাই স্বাধীনমনা আছিল নিলাভ। মাক দেউতাকৰ একমাত্ৰ সন্তান নীলাভৰ সকলো বস্তুতে একমাত্ৰ হস্তক্ষেপ আছিল । কোনো বস্তুৰে ভাগবতৰাৰ প্ৰয়োজন হোৱা নাছিল । সময়ৰ আহ্বানত সেয়াই কাল হৈ ধৰা দিলে। নিলাভৰ বিয়াৰ পাছত তাৰ সকলো বস্তুৰে ভাগ বতৰা হবলৈ ধৰিলে । সকলো সহ্য কৰি আছিল যদিও তাৰ প্ৰিয় ৰুমতো আনৰ হৈ যোৱাতো মানি লব পৰা নাছিল। নীলাঞ্জনা যদিও নিলাভৰ পত্নী আছিল তথাপিও মনে প্ৰাণে মানি লব পৰা নাছিল নিলাভৰ সকলো বস্তুৱেই নীলাঞ্জনাই নিজৰ বুলি কওক। নীলাঞ্জনাক আতৰাই পথোৱাৰ চেষ্টা কৰি বিফল হোৱাত নিলাভৰ ধৈৰ্যৰ বান্ধ হেৰাই যায়। শেষত নিজে আতৰি দিলে কিজানি নীলাঞ্জনা একেবাৰে আতৰিয়ে যায় । সেয়ে আতৰি গৈছিল নিলাভ । নিলাভৰ অনুপস্থিতিত অস্হিৰ হৈ পৰা নীলাঞ্জনাই একো বুজি পোৱা নাছিল । হঠাতেই মনত পৰিছিল নীলাঞ্জনাৰ নিলাভৰ ডায়েৰী খনৰ কথা। নপঢ়ো বুলিও পঢ়ি পেলালে ডায়েৰীৰ পৃষ্ঠাত সন্নিৱিষ্ট কৰা সকলো কথা । দোষী দোষী অনুভব কৰিলে নিজকে নীলাঞ্জনাই। সকলো কথা জনাৰ পাচত কাকো একো জনোৱাৰ প্ৰয়োজন অনুভব নকৰি নিলাভৰ ঘৰৰ পৰা ওলাই আহিল নীলাঞ্জনা । মুম্বাই স্হিত বায়েক মেঘৰঞ্জনীৰ সহযোগত নতুন ঠিকনাৰ সম্ভেদ বিচাৰি । লগতে সংকল্প ললে বাট চাব সেইদিনালৈ যিদিনা নিলাভে তাইক বিচাৰি আহিব ।
নিলাভে পুনৰ সপোন দেখিলে আধুনিকা নীলাঞ্জনাৰ লগত এখন সুখৰ সংসাৰ গঢ়াৰ । মেঘৰঞ্জনীৰ পৰামৰ্শত নিমন্ত্ৰণ দিছিল দুয়োখন ঘৰৰ মাক দেউতাকক। নিদিষ্ট দিনটোত সকলোৱে একেলগ হৈছিল মেঘৰঞ্জনীৰ ঘৰত । যিজনী ছোৱালীক মাক দেউতাক হৈয়ো এৰি দিছিল , নিজৰ প্ৰফেচন বাছি লোৱাৰ বাবে আজি সেইজনী ছোৱালীৰ বাবেই দুখন ঘৰৰ সন্মান বাছিল ।লগতে এখন উঠি অহা সংসাৰ গঢ়ি তোলাৰ দায়িত্ব সুকলমে পালন কৰিলে। মাক দেউতাকে স্বীকাৰ কৰি লৈছিল নিদিষ্ট বয়সত কিছুমান দায়িত্ব সন্তানক নিজে লবলৈ এৰি দিব লাগে । দায়িত্ব লব নোৱাৰিব বুলি আগতিয়াকৈ নিৰাশ কৰাৰ কোনো প্ৰয়োজন নাই । কাৰণ পৰিস্থিতিত পৰিলেহে মানুহৰ মন-মগজুৰ চিন্তা শক্তি প্ৰখৰ হয়। সুস্থ চিন্তাৰ বাঁহক হব পাৰে ।
@ সীমা জি শৰ্মা
পুৱাৰ প্ৰথম কিৰণ পৰিব দিয়া সপোন বোৰ বাস্তৱত ৰূপায়িত কৰা
#
18/06/2025
# বিশেষ বাৰ্তা
প্ৰচাৰ সচিবৰ ফালৰ পৰা
এটি বাৰ্তা আহিছিল...
বৈ পৰা চুলিত যিমান
সৌন্দৰ্য্য ফুটি উঠে....
খহি পৰা বুকুয়ে সৌন্দৰ্য্য
সিমানেই ম্লান কৰে..!!
কচৰত কৰে
কিন্তু অকামিলা কচৰতে
বাধাহে আনে...!
ধুৱাই নিয়া ধুমুহা জাকক
দোষ দি কি লাভ
এয়া ভবিষ্যত বাণী ... ফলিৱাবই...!
যথা কৰ্ম তথা ফল...!!
দেশ স্বাধীন হোৱা বহু বছৰ হ'ল
বিশেষ দিনটোক মাত্ৰ শ্ৰদ্ধাৰে সোঁৱৰা হয়..!
সেই সময় খিনি আমি বিচাৰিলেও
কেতিয়াও ঘূৰাই নাপাওঁ ...!
আগবাঢ়াই দিলো
প্ৰচাৰ সচিবৰ সেই বিশেষ বাৰ্তা
আদৰেৰে গ্ৰহণ কৰিব পৰাতো নিজৰ ক্ষমতা...।।
@ সীমা জি শৰ্মা
# কিছুমান কথাই বহুতো প্ৰশ্নৰ অৱতাৰণা কৰে
♣️আপুনি সত্যক অনুধাৱন কৰে নে কেতিয়াবা
♣️আপোনাৰ মন বিচলিত হ'লে , প্ৰশ্ন উদয় হয়নে কেতিয়াবা
♣️আপোনাৰ চৌদিশৰ বাতাবৰণ ঠিক থকাৰ পাছতো নিজক অস্হিৰ অৱস্হাত উদ্ধাৰ কৰে নে কেতিয়াবা ।
♣️আপোনাৰ দুচকুত নিদ্ৰাই থিতাপি লোৱাৰ পাছত অনুভৱ কৰেনেকি কাৰোবাৰ অবয়বৰ উপস্থিতি ।
♣️আমি পায়ো কান্দো , হেৰুৱাইয়ো কান্দো , কিয় বাৰু , জানিবৰ মন যায়নে কেতিয়াবা ।
♣️আমাৰ মনে বিচৰাৰ দৰে কৰিবলৈ আমি অপাৰগতা প্ৰকাশ কৰো কিয় । এনে কিয় হয় জানিব বিচাৰেনে কেতিয়াবা ।
♣️বহুতো সমস্যাৰে জৰ্জৰিত হৈ উঠাৰ পাছত আমাৰ মনলৈ সমাধানৰ বাট বিলাক ক'ৰ পৰা আহে জানিব বিচাৰেনে কেতিয়াবা ।
♣️ এনে বহুতো সৰু সৰু প্ৰশ্নৰ সন্মুখীন হওঁ যদিও,,, আমি বৰ বিশেষ গুৰুত্ব দিয়া নিদিওঁ । কিন্তু যিদিনাই আমি অলপ দকৈ ভাবিম,,, সেইদিনাই আমি বহুতো প্ৰশ্নৰ উত্তৰ আনক নিবিচৰাকৈ নিজৰ মাজতে পাবলৈ সক্ষম হ'ম ।।
@ সীমা জি শৰ্মা
# indicate
আজি ১৫ জুন। প্ৰতিবছৰৰ জুন মাহৰ তৃতীয় ৰবিবাৰে পিতৃ দিৱস হিচাপে পালন কৰা হয়। প্ৰতিজন দায়িত্বশীল, কৰ্তব্য পৰায়ণ পিতৃলৈ মোৰ ভক্তি ভৰা শ্ৰদ্ধা জনালো 🙏🏻🙏🏻
゚viralシ
# মই এনেকৈয়ে ভাবো
১/ মানসিক অশন্তিৰ শেষ সীমাত উপনীত হৈ যদি আমি কওঁ , আমাৰ একোৱেই হোৱা নাই ; সকলো ঠিকেই আছে , তেনেহলৈ আমি নিজেই নিজৰ এনে কিছুমান ক্ষতি কৰো যে জীৱনৰ শুদ্ধ সিদ্ধান্ত আৰু ভূল সিদ্ধান্ত বাছি উলিয়াবলৈ বহুতো জটিলতাৰ সৃষ্টি আমি নিজেই কৰি লওঁ ।
২/ আমি অভিজ্ঞতাৰে ইমানেই পৰিপুষ্ট যে আনৰ পৰা শিকিবলগা আমাৰ একোৱেই নাথাকে । সেয়েহে ৰ'দে পুৰি ক'লা কৰা ছালখনো আমি মলিয়নেই দেখা পাওঁ । কাৰণ আমাৰ বিচাৰ শক্তিৰ ক্ষমতাত প্ৰায়ে আমি বিচলিত হওঁ।
৩/ ভাল দেখি প্ৰশংসা কৰিবলৈ নহা আপোন বুলি ভবা লোক সকলক , বেয়া দেখি কবলৈ আহিলে মাৰ্জিত ভাষাৰে উচিত প্ৰত্তোত্বৰ দিবলৈ কেতিয়াওঁ কুণ্ঠাবোধ কৰিব নালাগে ।
@ সীমা জি শৰ্মা
Click here to claim your Sponsored Listing.
