DrRainee's Healthy Way

DrRainee's Healthy Way

Share

I am Dr Rainee Devi ( Ayurvedic consultant) .My aim is to create awareness about herbs & ayurveda. Simple home remedies can show amazing health benefits.

Food should be our medicines but medicines should not be our food. Nature mother is a gift for us.

Photos from DrRainee's Healthy Way's post 19/11/2025

#কেঁচা_অমিতাৰ_ঔষধি_গুণ_জানেনে?☘️☘️ অমিতা আমি দুই ধৰণে সেৱন কৰো, এবিধ কেঁচাকে আৰু আনবিধ পকাকৈ। পকা অমিতা অতি সুস্বাদু আৰু পুষ্টিকৰ ফল । কিন্তু কেঁচা অমিতা আমি চবজি বা আঞ্জা কৰিহে খাওঁ । তেতিয়া ইয়াক পাচলি বুলিহে গণ্য কৰা হয়। অমিতা দি বনোৱা লোকেল মুৰ্গীৰ জোল, অমিতা দিয়া দাইল , কলখাৰ দি বনোৱা অমিতাৰ খাৰ আদি অমিতাৰ বিবিধ ব্যঞ্জন। খাচী মাংস বনাওঁতে কেঁচা অমিতা দিলে মাংস সোনকালে সিজি পৰে । থাইলেণ্ডত কেঁচা অমিতাৰ চালাড খুবেই জনপ্রিয় । সেইবোৰ দেশত কেঁচা বা কমকৈ সিজা পাচলি বেছি প্ৰচলিত। আমি পিছে কেঁচা অমিতা সিজাইহে খাওঁ । দেখাত তেনেই সাধাৰণ এই কেঁচা অমিতাৰো যে বহুতো উপকাৰীতা আছে ভাবিয়েই আচৰিত লাগে। ভিটামিন, এন্টিঅক্সিডেন্ট, এনজাইম, ফলেট, আঁহ আদিৰে ভৰপূৰ এই কেঁচা অমিতাই আমাৰ স্বাস্থ্য ৰক্ষাত কিদৰে সহায় কৰে চাওঁচোন আহক।

🍀☘️ হজমী শক্তি বৃদ্ধি কৰাত ( promotes digestion) কেঁচা অমিতা অতি উপকাৰী। কেঁচা অমিতাত পেপেইন ( papain), কাইম'পেপেইন ( chymopapain) আদি বিভিন্ন এনজাইম আছে যিয়ে কাৰ্বহাইড্ৰেট, স্নেহ আৰু প্ৰটিনৰ বিপাকত সহায় কৰে। কেঁচা অমিতাৰ চবজি মাজে মাজে খালে আমাৰ পাঁচনতন্ত্ৰৰ কাৰ্য্য সুন্দৰ ভাবে চলি থাকে।
☘️🍀 কৌষ্ঠকাঠিন্য, অৰ্শ ৰোগত কেঁচা অমিতা উপকাৰী। ইয়াত থকা আঁহে পেট পৰিস্কাৰ কৰে। অৰ্শ ৰোগীয়ে নিয়মিতভাৱে কেঁচা অমিতাৰ আঞ্জা বা চবজি খালে ভালেখিনি উপশম লাভ কৰে।
☘️🍀 আমাৰ শৰীৰত নানা ধৰণৰ বিপাকীয় কাৰ্য্য চলি থাকে(metabolism) যিবোৰত বহুতো অলাগতিয়াল বৰ্জিত পদাৰ্থ বা তকচিন্স( toxins) উৎপন্ন হয়। এইবোৰ শৰীৰৰ জমা হৈ গ'লে আমাৰ এলাৰ্জি, ছালৰ সমস্যা আদি নানান ৰোগ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। সেয়েহে সময়ে খাদ্য বা ঔষধিৰ দ্বাৰা এইবোৰ নিষ্কাষণ কৰিবলৈ চেষ্টা কৰা উচিত। শৰীৰৰ শোধন বা বডী দিতক্স ( body detox) কৰাত কেঁচা অমিতা অতি উপকাৰী। খাৰধৰ্মী হোৱা বাবে ( alkaline) আৰু ইয়াত থকা এনজাইম আৰু আঁহে ( fiber) শৰীৰৰ শোধন কৰে।
☘️☘️ গেছ, বদহজম, বুকু জ্বলা পোৰা, IBS আদিৰ সমস্যাতো কেঁচা অমিতা উপকাৰী।
☘️☘️ কলেষ্টৰল সমস্যাত কেঁচা অমিতা উপকাৰী। ই হাৰ্টৰ সুৰক্ষা কৰে। সেয়েহে হাৰ্টৰ ৰোগীয়ে মাজে সময়ে কেঁচা অমিতাৰ আঞ্জা খাওক।
🍀🍀 প্ৰসূতি স্ত্ৰীৰ দুগ্ধ উৎপাদন বৃদ্ধি কৰাত কেঁচা অমিতা উপকাৰী। কিছুমান দুগ্ধৱতী মহিলাৰ দুগ্ধ উৎপাদন কম হয়। তেওঁলোকে অমিতাৰ খাৰ, অমিতা দিয়া মুৰ্গী মাংসৰ জালুকীয়া আঞ্জা নাইবা অমিতাৰ চবজি বনাই খালে সুফল পায়।
☘️🍀 কেটেৰেক্ট বা বয়সস্থ লোকৰ হোৱা চকুৰ বিভিন্ন সমস্যাতো কেঁচা অমিতা উপকাৰী।
🍀🍀 হাপানী, ব্ৰংকাইটিছ, কাহ, জ্বৰ আদিত কেঁচা অমিতা উত্তম পথ্য।
🍀🍀 তনচিলাইটিছ, ফেৰিঞ্জাইটিছ আদিতো খাৰ দি বনোৱা কেঁচা অমিতাৰ ব্যঞ্জন অতি উপকাৰী।
☘️☘️ মহিলাৰ মাহেকীয়া সময়ত হোৱা বিষত (dysmenorrhea) কেঁচা অমিতাৰ চবজি অতি উপকাৰী।
🍀🍀 বাতবিষ, অষ্টিওআৰথ্ৰাইটিছ ( osteoarthritis), গাউত (gout) আদি বিভিন্ন সমস্যাত কেঁচা অমিতা উপকাৰী।
☘️🍀 খাৰধৰ্মী হোৱা বাবে প্ৰসাৱৰ বেক্টেৰিয়াজনীত সংক্ৰমণত ( UTI) ই উপকাৰী।
☘️☘️ ওজন কমোৱাতো কেঁচা অমিতাই সহায় কৰে। কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে আঁহ আছে । ডায়েট প্লেনত থকা সকলে মাজে সময়ে কেঁচা অমিতাৰ চবজি খোৱা উচিত।
🍀☘️ সুন্দৰ স্বাস্থ্যউজ্জ্বল ছালৰ ৰহস্য আমাৰ খাদ্যাভ্যাসত নিহিত থাকে। পিম্পলছ, ক'লা দাগ, এলাৰ্জি আদি ছালৰ সমস্যা থকা লোকে কেঁচা অমিতাৰ চবজি মাজে মাজে সেৱন কৰিলে সুফল পায়। ই পাঁচনতন্ত্ৰ পৰিষ্কাৰ কৰে, তেজৰ পৰিষ্কাৰ কৰে আৰু খাৰধৰ্মী হোৱাৰ বাবে ছালৰ সমস্যাত কেঁচা অমিতা উপকাৰী।
🍀🍀ডায়েবেটিচ ৰোগীৰ বাবেও কেঁচা অমিতা উত্তম পথ্য।

আমাৰ সৰ্বসাধাৰণৰ দৃষ্টিত অমিতা এলাগী পাচলি। বজাৰৰ ৰঙ বিৰঙী সতেজ যেন লগা পাচলিবোৰৰ মাজত অমিতাই যেন ফেৰ মাৰিব নোৱাৰা হৈছে। কিন্তু ই যে ঔষধিগুণসম্পন্ন সেয়া আমি পাহৰিয়েই যাওঁ। স্বাস্থ্যবান হৈ থাকিব খোজা প্ৰতিজন ব্যক্তিয়েই এই থলুৱা পাচলিবোৰ নিশ্চয় আদৰি লৈছে বুলি আশা কৰিছো।
☘️☘️ বি:দ্ৰ: গৰ্ভৱতী মহিলাৰ বাবে অমিতা অপকাৰী বিশেষকৈ প্ৰথম তিনি মাহত। তেওঁলোকে অমিতা সেৱন কৰিলে গৰ্ভপাত হোৱাৰো আশংকা থাকে।
ডাঃ ৰেইনী দেৱী( আয়ুৰ্বেদিক চিকিৎসক)
BAMS ( GU)
গুৱাহাটী ,7399114617

28/10/2025

#দিনে_এটাকৈ_কেঁচা_পিয়াঁজ_খালে_১০টা_উপকাৰীতা পোৱা যায়! জানিবলৈ video টো চাব আৰু share কৰিব 🙏

Photos from DrRainee's Healthy Way's post 19/10/2025

#শেৱালিৰ_পাত_আৰু_ফুলেৰে_কেনেকৈ_ৰোগ_উপশম_কৰিব? 🌿 পৰম্পৰাগত থলুৱা ব্যঞ্জনৰ তালিকাত শেৱালি ফুলৰ বিভিন্ন ব্যঞ্জন আছে যেনে শেৱালি ফুলৰ বৰ বা পকৰি, খাৰ দি বনোৱা শেৱালি ফুল, শুকান শেৱালি ফুলৰ ভাজি, বেচন দি বনোৱা শেৱালি পাতৰ বৰ আদি। সৌন্দৰ্য্যৰ ফালৰ পৰা ই যেনেকৈ মনোমোহা ঠিক সেইদৰে স্বাস্থ্য ৰক্ষা আৰু ৰোগৰ চিকিৎসাতো ইয়াৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। প্ৰাচীন আয়ুৰ্বেদ শাস্ত্রত জ্বৰ, কাহ, গাঁঠিৰ বিষ আদি বিভিন্ন ৰোগৰ চিকিৎসাত শেৱালি গছৰ ফুল, পাত আদিৰ ব্যৱহাৰৰ কথা উল্লেখ আছে । ই সোৱাদত তিক্ত, লঘু, ৰুক্ষ গুণযুক্ত, কটু বিপাক, উষ্ণ বীৰ্য ( hot in potency), কফ বাতনাশক অৰ্থাৎ কফ আৰু বাত বা বায়ুজনীত ৰোগত মহৌষধ। পৰম্পৰাগত বনৌষধি চিকিৎসাতো ইয়াৰ ব্যৱহাৰ হোৱা দেখা যায়। ভিন ভিন জনজাতিৰ লোকে এতিয়াও শেৱালিৰ ফুলৰ পাত, ফুল কাহ, পেটৰ অসুখ আদি বিভিন্ন ৰোগত ঔষধ হিচাপে ব্যৱহাৰ কৰে। এইবিধ ঔষধি গছে কিদৰে আমাক বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰে চাওঁচোন আহক:-
(১).কাহ, চৰ্দি, তনচিলাইটিছ, ফেৰিঞ্জাইটিছ চাইনাচাইটিছ, ব্ৰংকাইটিছ, হাপানী বা এজমা ( Asthma) আদি ৰোগত শেৱালি ফুলৰ পাত আৰু ফুল ব্যৱহাৰ কৰিলে সুফল পোৱা যায়। ইয়াৰ বাবে তলত দিয়া দিহাকেইটা কৰি চাব পাৰে:-
🌿 আদাৰ ৰস এচামুছ, তুলসীৰ ৰস এচামুছ, শেৱালি ফুলৰ পাতৰ ৰস আধা চামুছ ,মৌ এচামুছ একেলগে মিহলাই দুভাগ কৰি দিনে দুবাৰকৈ খাওক।
🌿 শেৱালি ফুলৰ একেবাৰে কুমলীয়া আগ ৫ টা বা ৭টা, নহৰু ৫ ফুটা, জালুক তিনিটা কলপাতত মেৰিয়াই জুইত সেকি দুপৰীয়া ভাতৰ লগত খাওক।
🌿 শেৱালি ফুল অলপ , থেতেলাই লোৱা আদা নহৰু অলপ, অকণমান নিমখ দি তাৱাত সেকি ভাতৰ লগত মাজে মাজে সেৱন কৰক।
🌿 শেৱালি ফুল অকণমান কলখাৰ দি খালে ইয়াৰ ঔষধি গুণ বাঢ়ি যায়। বিশেষকৈ তনচিলাইটিছ, ফেৰিঞ্জাইটিছ, চাইনাচাইটিছ ৰোগত ই সুফল দিয়ে।
(২). মেলেৰিয়া,ডেংগু আদি বিভিন্ন প্ৰকাৰৰ জ্বৰত শেৱালি ফুল আৰু পাত উত্তম পথ্য। ই তেজৰ প্লেটিলেটৰ সংখ্যা বঢ়ায় আৰু ৰোগৰ লগত যুঁজিবলৈ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। লং এটা, জালুক তিনিটা, আদা সৰু চাই এডোখৰ , শেৱালি ফুলৰ পাত দুখিলা একেলগে খুন্দি এগিলাচ পানীৰ লগত উতলাই আধা হোৱাত ঠাণ্ডা কৰিব। দুভাগ কৰি দিনে দুবাৰ তিনিদিন বা পাঁচদিন সেৱন কৰিব।
(৩).পেলুৰ সমস্যাত ( worm infestation) সৰু সৰু লৰা ছোৱালীৰ কৃমি পেলু হ'লে ( round worm) শেৱালি ফুলৰ পাতে সুফল দিয়ে। খোৱাৰ বিধি হৈছে-
🌿শেৱালি ফুলৰ পাতৰ ৰস এচামুছ অকণমান চেনী দি সেৱন কৰক। সৰু সৰু ল'ৰা ছোৱালীৰ বাবে বয়স অনুপাতে কেইটোপাল মান বা এচামুছ ৰস চাৰি ভাগ বা পাঁচ ভাগ কৰি এভাগকৈ খুৱাব। ৫ বছৰৰ ওপৰৰ শিশুকহে খুৱাব।
🌿 শেৱালি ফুলৰ পাত ৰ'দত শুকুৱাই গুৰি কৰি বটলত ভৰাই থ'ব।১/৪ চামুচ একাপ পানী দি উতলাই আধা কৰি ঠাণ্ডা হোৱাৰ পাছত অকণমান মৌ দি সেৱন কৰক।
🌿শেৱালি ফুলৰ পাত বেচনত লেতিয়াই বৰ বা পকৰি হিচাবে বনাই খালেও সুফল পোৱা যায়।
🌿(৪) . আৰথ্ৰাইটিছ ( Arthritis), চায়াটিকা ( sciatica) আদিত শেৱালি ফুলৰ পাতৰ ক্ৱাথ ( decoction) হিচাবে বনাই খালে সুফল পোৱা যায়। দুখিলা পাতৰ ৰস একাপ পানীত উতলাই চাহ হিচাবে সেৱন কৰিলেও উপশম পোৱা যায়।
🌿(৫). মহিলাৰ মাহেকীয়াৰ সময়ত হোৱা বিষত (dysmenorrhea) শেৱালি পাতৰ ক্ৱাথ উপকাৰী। মালয়েছিয়া, ইণ্ডোনেছিয়া আদি দেশতো শেৱালি পাত এই ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়।
🌿(৭). ছালৰ ভেঁকুৰ জনীত সংক্ৰমণ ( ring worm), এলাৰ্জি আদিত শেৱালি ফুল আৰু পাত দুয়োটা উপকাৰী। প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থকা বাবে ছালৰ বিভিন্ন সমস্যাত ই উপকাৰী। মাহেকত তিনিদিন শেৱালিৰ কুমলীয়া আগ দুটামান নহৰু দি ভাজি খাব পাৰে নাইবা শেৱালি ফুলৰ খাৰ বনাই খাব পাৰে।
🌿(৮).লিভাৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰাতো শেৱালি উপকাৰী। লিভাৰৰ বিভিন্ন ৰোগত শেৱালি ফুল উত্তম পথ্য।
🌿(৯). দাঁতৰ বিভিন্ন ৰোগতো ই উপকাৰী।
🌿(১০) ডায়েবেটিচ ৰোগী, উচ্চ ৰক্তচাপত ভোগা লোকৰ বাবেও শেৱালি ফুল আৰু পাত উত্তম ঔষধি। ৰক্তচাপ আৰু তেজৰ শৰ্কৰা নিয়ন্ত্রণ কৰাত ই সহায় কৰে।
বি:দ্ৰ :- শেৱালি পাত সেৱন কৰোতে মাত্ৰাৰ ওপৰত ধ্যান দিয়া উচিত। বেছি পৰিমানে সেৱন কৰিলে ব্লাড চুগাৰ ,ৰক্তচাপ কমি যাব পাৰে। নিম্ন ৰক্তচাপ থকা লোকে শেৱালি পাতৰ সেৱন অত্যাধিক মাত্ৰাত নকৰাই ভাল। গৰ্ভৱতী মহিলাইও কম পৰিমাণেহে যিকোনো তিতা সেৱন কৰাটো বাঞ্ছনীয়। একেবাৰে সৰু লৰা ছোৱালীক যিকোনো তিতা খোৱাওঁতে সাৱধানতা অৱলম্বন কৰা উচিত।

#ডাঃ ৰেইনী দেৱী ( আয়ুৰ্বেদিক চিকিৎসক)
BAMS ( GU)
গুৱাহাটী 7399114617

Photos from DrRainee's Healthy Way's post 14/10/2025

#ৰবাব_টেঙাৰ_উপকাৰিতা_কি_কি? 🍀🍀 অসমৰ থলুৱা ফলমূলবোৰৰ ভিতৰত ৰবাব টেঙাও অন্যতম। ৰসাল ফল ৰবাব টেঙা খাবলৈও বৰ সোৱাদ। পকা ৰবাব টেঙা দুপৰীয়া ৰ'দত দি ফুতিয়াই লৈ নিমখ, তেল আৰু জলকীয়া দি সানি কলপাতত জুতি লোৱাৰ মজাই বেলেগ নহয় জানো? আমাৰ বহুতৰে প্রিয় ফল ৰবাব টেঙাৰ ইংৰাজী নাম পমেল' ফ্ৰুট (Pomelo fruit)। খাবলৈ সোৱাদ লগা এই ৰবাব টেঙাত বহু পুষ্টিকৰ গুণ আছে। ইয়াত অত্যাৱশ্যকীয় ভিটামিন বিশেষকৈ ভিটামিন চি, ভিটামিন কে, ভিটামিন B6, প্ৰটিন, এঞ্জাইম, আঁহ আৰু বিভিন্ন প্ৰকাৰৰ খনিজ পোৱা যায় যিবোৰ শৰীৰৰ বাবে অতি উপকাৰী। সোৱাদ ভৰা পুষ্টিকৰ থলুৱা ফল ৰবাব টেঙাৰ ঔষধি গুণসমূহ কেনেকুৱা চাওঁচোন আহক :-

🌺🌺 ভিটামিন চি থকা বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে । বতৰ সলনি হোৱাৰ সময়ত হোৱা কাহ, জ্বৰ, এলাৰ্জি জনীত সমস্যাৰ পৰা বচাই ৰাখে।

🌺🌺 ৰবাব টেঙাই হজমী শক্তি বৃদ্ধি কৰে আৰু ভোক বঢ়ায়, পেট খোলোচা কৰে।

🌺🌺 অৰ্শ ৰোগীৰ বাবেও ৰবাব টেঙা উপকাৰী। কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থাকে।

🌺🌺 মূত্ৰজনন ( diuretic) হোৱাৰ বাবে প্ৰসাৱৰ বেক্টেৰিয়াজনীত সংক্ৰমণ বা UTI , প্ৰসাৱ জ্বলাপোৰা কৰা আদি প্ৰসাবৰ বিভিন্ন সমস্যাত উপকাৰী।

🌺🌺 পতাছিয়াম, মেগনেছিয়াম,ভিটামিন চি ,আঁহ আদি থকাৰ বাবে উচ্চ ৰক্তচাপ, কলেষ্টৰল আৰু মেদবহুলতাৰ সমস্যাত উপকাৰী।

🌺🌺 ৰক্তহীনতা বা এনিমিয়া ৰোগতো উপকাৰী।

🌺🌺 হাড়ৰ গঠন মজবুত কৰাত সহায় কৰে । অষ্টিঅপ'ৰ'ছিছ সমস্যাত ভোগা লোকৰ বাবেও ই উপকাৰী।
☘️ ডায়েবেটিচ ৰোগীয়েও মাজে মাজে ৰবাব টেঙা খালে উপকৃত হয় বুলি জনা যায়। টেঙা যদিও ইয়াৰ অকণমান তিটিকি তিটিকি ভাৱটোৰ বাবে হয়তো ঔষধি গুণ বেছি হয়।

🌺🌺 অকালতে পৰা বয়সৰ চাপ কম কৰাতো ই সহায় কৰে। ই একপ্ৰকাৰৰ বডী দিতক্স বা শৰীৰ শোধনকাৰক হিচাবে কাম কৰে। ইয়াত থকা এন্টিঅক্সিডেন্টে এন্টিএজিঙ ফেক্টৰ হিচাবে কাম কৰে।

🌺🌺 দাঁতৰ সুস্বাস্থ্যৰ বাবেও ই সহায়ক কাৰণ প্ৰচুৰ পৰিমাণে ভিটামিন চি আছে। দাঁতৰ আলুৰ পৰা তেজ ওলোৱা সমস্যাত (gums bleeding) ৰবাব টেঙা খালে সুফল পোৱা যায়।
☘️কৃমিজনীত সমস্যাই ৰবাব টেঙা খালে সুফল পোৱা যায়। সৰু সৰু ল'ৰা ছোৱালীৰ কৃমিৰ সমস্যাত ৰবাব টেঙা খুৱালে সুফল পোৱা যায়।

🌺🌺 শালমনৰ সমস্যা থকা ছালৰ গৰাকীয়ে ৰবাব টেঙা খোৱা উচিত। ই ছালৰ অতিৰিক্ত তৈলাক্ত ভাব কম কৰে। ক'লা দাগ , হাইপাৰপিগমেণ্টেচন আদি সমস্যা ও কম কৰে। ছালৰ কমনীয়তা বৃদ্ধিতো ই সহায় কৰে।

🌺🌺 চুলিৰ সৌন্দৰ্য্য বৰ্ধনত ৰবাব টেঙা উপকাৰী। ভিটামিন A, ভিটামিন B কম্প্লেক্স, ভিটামিন C , জিঙ্ক আদি থকাৰ বাবে চুলিৰ বাবে ভাল, উফিৰ সমস্যাও কম কৰাত সহায় কৰে। সুন্দৰ স্বাস্থ্যউজ্জ্বল চুলিৰ কামনা কৰা সকলে ৰবাব টেঙা জাতীয় টেঙা ফল সেৱন কৰা উচিত।

🌺🌺 স্ট্রোক, হাৰ্ট এটেক আদিৰ পৰাও ৰক্ষা কৰাত ৰবাব টেঙা উপকাৰী ।
🌺🌺 সৰু সৰু ল'ৰা ছোৱালীৰ কৃমি পেলুৰ সমস্যাত ৰবাব টেঙা খুৱালে সুফল পোৱা যায়।

🌺🌺🌺 বজাৰত ওলোৱা নানা ৰং বিৰঙি অন্য ফলমূলবোৰৰ প্ৰতি আমাৰ দুৰ্বলতা বেছি। যাৰ বাবে সময়ৰ সোঁতত এই থলুৱা ফলসমূহৰ প্ৰতি মানুহৰ আগ্ৰহ কমি গৈছে। কোনো বিশেষ আপডাল নোহোৱাকৈ হোৱা এইবোৰ থলুৱা ফল ঔষধি গুনেৰে সমৃদ্ধ। স্বাস্থ্য সচেতন সকলো ব্যক্তি অসমৰ থলুৱা ফল ৰবাব টেঙাৰ গুণাগুণ জানি নিশ্চয় ইয়াৰ প্ৰতি আকৰ্ষিত হ'ব। সকলোৱে বতৰৰ এই ফলমূল সমূহৰ জুতি লওক আৰু নিৰোগী হৈ থাকক।

#ডাঃ ৰেইনী দেৱী ( আয়ুৰ্বেদিক চিকিৎসক)
BAMS ( GU)
ফোন 073991 14617

#ৰবাব #ৰবাবটেঙা

06/10/2025

ডাঙৰ মানিমুনি কেনেকৈ ঔষধ হিচাবে ব্যৱহাৰ কৰিব পাৰি? সহজ ঘৰুৱা বিধানে কেনেকৈ ৰোগ প্ৰতিৰোধ কৰিব পাৰি? জানিবলৈ video টো চাব আৰু share কৰিব যাতে সকলো উপকৃত হয়। পেজটো follow কৰিবলৈ নাপাহৰিব

#মানিমুনি

10/09/2025

ভালে ৰখা ৭ বিধ খাদ্য, আয়ুৰ্বেদিক বনৌষধি আৰু কেইটামান সহজ ঘৰুৱা বিধান জানিবলৈ video টো চাব আৰু share কৰিব। পেজটো follow কৰিবলৈ নাপাহৰিব

Photos from DrRainee's Healthy Way's post 03/09/2025

🌼🌼 #ফেৰিঞ্জাইটিছ_ৰোগৰ_ঘৰুৱা_দিহা🌼🌼 সকলোৰে চিৰ পৰিচিত বেমাৰ টোৱেই হৈছে ফেৰিঞ্জাইটিছ। সাধাৰণতে প্ৰায়বোৰ মানুহেই কম বেছি পৰিমাণে এই ৰোগত ভোগে । বতৰৰ পৰিৱৰ্তন হলে, ঠাণ্ডা লাগিলে, চৰ্দি, ইনফ্লুৱেঞ্জা আদি হলে ই বৰ আমনিদায়ক হৈ পৰে ভুক্ত ভোগীৰ বাবে । মুখ্য লক্ষণ সমূহ হল- চৰ্দি, কাহ , জিভাত বা ডিঙিত খচখচনী বা বিষ হোৱা , সেপ গিলোতে বিষ হোৱা, কেতিয়াবা মাত বহিও যায় , জ্বৰ অনুভৱ হোৱা আদি। এই ৰোগ ক্ৰনিক( chronic )হ'লে কিছুমান ঘৰুৱা দিহা আৰু পথ্যৰ দ্বাৰা উপশম পাব পাৰি।
#ঘৰুৱা_দিহা :-(১) ডিঙিত ঠাণ্ডা নলগাব। পাৰিলে এখন কাপোৰেৰে ডিঙি মেৰিয়াই থওক।সহ্য কৰিব পৰা গৰম পানীত নিমখ দি কুলিকুলি কৰিলে আৰাম পোৱা যায়। লাল চাহত নিমখ দিওঁ কুলিকুলি কৰিলে সুফল পোৱা যায়।
(২).দোৰোন শাক, পচতীয়াৰ( Vitex negundo) আগ কেইটামান একেলগে নহৰু, জালুক দি কলপাতত সেকি খাব লাগে।নাইবা ভাজি খাব লাগে।
(৩). যষ্টিমধু বা মূলেঠি (licorice, botanical name-Glycyrrhiza Glabra) এডোখৰ খুন্দি এগিলাচ পানীত উতলাই উতলাই আধা গ্লাছ হোৱাৰ পাছত গেছ অফ কৰিব। তাৰ পিছত ঠাণ্ডা হোৱাৰ পাছত এচামুছ মৌ মিহলাই মিশ্ৰণ খিনি সমানে তিনিভাগ কৰি দিনে এভাগকৈ খাওক।এনেকৈ এসপ্তাহ খাওক।
(৪).শুকান আদা এডোখৰ, পিপলি (Piper longum)তিনি টুকুৰা, জালুক কেইটামান খুন্দি এক গ্লাছ পানীত উতলাই আধা গ্লাছ ৰাখি মিশ্ৰণ খিনি সমানে চাৰিভাগ কৰক। দিনে এভাগ কৈ দুবাৰ খাওক।
(৫).ৰাতিপুৱা মুখ ধোৱাৰ আগতে দুখিলা নিম পাত( যাৰ বাবে তিতা অপথ্য তেওঁ নকৰিব) চোৱাই অলপ সময়ৰ পিছত মুখখন ধুই পেলাওক। ৰস খিনি গিলিব নালাগে। নিমৰ বীজাণু নাশক গুণে সুফল দিয়ে।।
(৬). শোহণী বনৰ গুটি কেইটামান চোবাই থাকক অলপ সময়। গিলি নিদিব ।জিভাখন অলপ দেৰডেৰাব আৰু লেলাৱতী ওলাব। থুই পেলাই থাকিব লাগে অলপ সময়। তাৰ পিছত মুখ খন ধুই পেলাওক।
(৭) মাজে মাজে নিমপাত ভাজি খাওক।
(৮). শেৱালি ফুল নহৰু দি ভাজি খাওক।
(৯) দিনে 5 খিলাকৈ তুলসী পাত চোৱাই খাওক।
(১০). কলখাৰ অলপ কেঁচা মিঠাতেল দি গৰম ভাতৰ লগত খাওক। লগতে তলত দিয়া পথ্য অপথ্য সমূহ মানি চলক।
#পথ্য:- (১). তুলসী পাত, মৌ, আদা, নহৰু, জালুক, দোৰোন শাক, পচতীয়া শাক,নৰসিংহ, মানিমুনি, ভেদাইলতা, নিমপাত,আমলখি, শিলিখা, তিতা ফুল, কলখাৰ, শেৱালি ফুল আদি উত্তম পথ্য।
#অপথ্য:- ফ্ৰীজৰ ঠাণ্ডা বস্তু direct নাখাব।বৰা চাউলৰ ব্যঞ্জন, তামোল,হাঁহৰ মাংস,বেঙেনা, উৰহি, মাতিদাইল, ভেন্দি, কচু আদি বিজলুৱা বস্তু নাখাব কেইদিনমান। (এইবোৰ বস্তু খালে কিছুমানৰ এলাৰ্জি হয় আৰু কিছুমানৰ এনেকুৱা ক্ৰনিক বেমাৰ সমুহে পুনৰ উক দিয়ে)|
ডাঃ ৰেইনী দেৱী( আয়ুৰ্বেদিক চিকিৎসক)
7399114617
বি:দ্ৰ:- লিখনীটোত ৰোগৰ চিকিৎসাত ঘৰুৱা দিহা আৰু পথ্য অপথ্যৰ এটা থুলমূল আভাস দিবলৈ চেষ্টা কৰা হৈছে। ৰোগ জটিল হলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাঞ্ছনীয়।

Photos from DrRainee's Healthy Way's post 01/09/2025

🌿🌿 #উৎকৃষ্ট_বনৌষধি_কেহেৰাজ 🌿🌿
প্ৰকৃতিৰ বুকুত থকা প্ৰতিজোপা উদ্ভিদৰে কিবা নহয় কিবা ঔষধি গুন আছে। তাৰে কিছুমান ঔষধি গছ আমাৰ চিনাকি আৰু কিছুমান অচিনাকি। তেনে এবিধ চিৰ পৰিচিত বনৌষধি হৈছে কেহেৰাজ বন।( বৈজ্ঞানিক নাম Eclipta alba বা Eclipta prostrata ,ইংৰাজী নাম False daisy )| অসমীয়া থলুৱা বনৌষধিৰ কথা ক'লে কেহেৰাজৰ কথাই প্ৰথমে মনলৈ আহে। আমাৰ ঘৰৰ চৌপাশৰ সেমেকা ঠাইবোৰত, খেতি পথাৰত, ৰাস্তাৰ কাষে কাষে ইয়াক অতি সহজতে দেখা পোৱা যায়। ইয়াৰ সংস্কৃত নাম ভৃঙ্গৰাজ (শ্বেত ভৃঙ্গৰাজ) । আয়ুৰ্বেদ শাস্ত্রমতে ভৃঙ্গৰাজ এবিধ উৎকৃষ্ট গুনসম্পন্ন বনৌষধি আৰু ইয়াক ৰসায়ন (rejuvenation) ঔষধিৰ ভিতৰত ধৰা হয়। ই শৰীৰৰ ত্ৰিদোষ (বায়ু, পিত্ত আৰু কফ ) সাম্যৱস্থাত ৰাখে । সহজলভ্য এইবিধ বনৌষধিৰ প্ৰয়োগে বিভিন্ন ৰোগত চমৎকাৰী ফলাফল দেখুৱায়। অতীজৰ বৈদ্য সকলে বিভিন্ন ৰোগত কেহেৰাজ ঔষধ হিচাবে ব্যৱহাৰ কৰিছিল আৰু সুফল পাইছিল । অকালপক্কতা, চুলি সৰা, উফি আদি চুলিৰ বিভিন্ন সমস্যাত, চুলিৰ সৌন্দৰ্য্য বৰ্ধনত , জণ্ডিচ , চিৰোচিছ (liver cirrhosis) আদি বিভিন্ন লিভাৰজনীত সমস্যাত,কটা চিঙা ,ঘাঁ (cuts and wounds) আদিৰ চিকিৎসাত ই বহুলভাৱে ব্যৱহৃত হৈছিল। চীনদেশৰ চিকিৎসা পদ্ধতিতো ইয়াক ব্যৱহাৰ কৰা দেখা যায় । ইয়াত ইক্লিপ্তিন ( Ecliptin) নামৰ এবিধ বিশেষ ৰাসায়নিক পদাৰ্থ থাকে। বীজাণুনাশক গুণ থকা বাবে ছাল ,চুলিৰ বিভিন্ন সমস্যাত ,কটা চিঙাৰ ঘাঁ আদিৰ প্ৰাথমিক চিকিৎসাত ( first aid treatment) ইয়াৰ প্ৰয়োগ অতি ফলদায়ক। ঘাঁ শুকুৱাত (wound healing) ই তাৎক্ষণিক প্ৰভাৱ দেখুৱায়। ইয়াৰ পাত হাতেৰে মোহাৰি দিলে হাতত ক'লা ৰঙৰ চেকা লাগি যায়। সেয়েহে ই চুলিৰ স্বাভাৱিক ৰঙ ধৰি ৰখাত সহায় কৰে।অতীজৰে পৰা আমাৰ পৰম্পৰাগত থলুৱা চিকিৎসা পদ্ধতিত কেহেৰাজ বনৰ প্ৰয়োগ হৈ আহিছে। গাঁৱৰ অভিজ্ঞ বুঢ়া মেথা লোকসকলে প্ৰাথমিক চিকিৎসাত কেহেৰাজ বন ব্যৱহাৰ কৰা দেখা যায়। থাওকতে পোৱা এইবোৰ বনৌষধিৰ অপাৰ মহিমা আছে। এইবোৰৰ পৰা এটাই কথা অনুধাৱন কৰিব পাৰি যে কেহেৰাজ এবিধ উৎকৃষ্ট বনৌষধি। স্বাস্থ্য ৰক্ষা আৰু বিভিন্ন ৰোগৰ চিকিৎসাত ইয়াক কিদৰে ব্যৱহাৰ কৰা হয় সেয়া তলত উল্লেখ কৰা হৈছে। লগতে দুই এটা সৰু সুৰা ঘৰুৱা দিহাও দিয়া হৈছে। আশাকৰো আপোনালোক উপকৃত হ'ব ।
🌿(১). অকালপক্কতা ( premature greying of hair) আৰু চুলি সৰা ( hair fall) সমস্যাত কেহেৰাজ প্ৰয়োগ কৰিলে সুফল পোৱা যায়। ইয়াৰ বাবে দুটামান দিহা হৈছে:-
🌿(ক).নাৰিকল তেল গৰম কৰি ৰাতি শোৱাৰ সময়ত চুলিৰ গুৰিত আঙুলিৰে মালিচ কৰি শুই থাকক। পিছদিনা ৰাতিপুৱা কেহেৰাজ বন আৰু কেঁচা পিয়াঁজ এটা খুন্দি তাৰ ৰস একেলগে মিহলাই চুলিৰ গুৰিত এঘণ্টাৰ বাবে সানি থওক। তাৰ পিছত কোমল চেম্পুৰে ( mild shampoo) চুলিখিনি ধুই পেলাওক। সপ্তাহত এদিন বা দুদিন এইদৰে ব্যৱহাৰ কৰিলে সুফল পোৱা যায়। ইয়াৰ লগতে সুষম আহাৰ (balanced diet) গ্ৰহণ কৰাত গুৰুত্ব দিয়ক। প্ৰচুৰ পৰিমাণে পানী সেৱন কৰক আৰু সেউজীয়া শাক পাচলি খাওক।
🌿(খ ).কেহেৰাজৰ পাত ৰ'দত শুকুৱাই গুৰি কৰি ল'ব। সেই গুৰি খাটি নাৰিকল তেলৰ লগত উতলাই ঠাণ্ডা হোৱাৰ পাছত বটলত ভৰাই থ'ব। চুলি শ্বেম্পু কৰাৰ আগদিনা সেই তেলেৰে চুলিৰ গুৰিত ভালকৈ মালিচ কৰক। এই তেল ব্যৱহাৰ কৰিলে চুলি সৰা সমস্যা কমি যায় আৰু চুলিৰ গঠন সুন্দৰ হৈ পৰে।

🌿(২).কটা চিঙা ,ঘাঁ আদিৰ প্ৰাথমিক চিকিৎসাত কেহেৰাজ ব্যৱহাৰ কৰিলে তাৎক্ষণিক ফলাফল পোৱা যায়। কাৰণ ইয়াৰ বীজাণুনাশক গুণ আছে। ই প্ৰাকৃতিক এন্টিবায়টিক আৰু বিষনাশক ( pain killer) হিচাবে কাম কৰে। কটা ঘাঁৰ পৰা তেজ ওলোৱা বন্ধ কৰে আৰু ঘাঁৰ বিষো কম কৰে। ইয়াৰ বাবে চাফাকৈ ধুই লোৱা কেহেৰাজ পাত অলপ আৰু মানিমুনি ( ডাঙৰ বা সৰু মানিমুনি দুয়োবিধৰ যিকোনো এবিধ বা দুয়োবিধ ব্যৱহাৰ কৰিব পাৰে) একেলগে খুন্দি আঘাত পোৱা অংশত লগাওঁক। অকণমান কলপাতেৰে মেৰিয়াই ঢিলাকৈ বান্ধি থ'ব পাৰে কিছুসময়। বেছি টানকৈ নাবান্ধিব । এনেকৈ দুদিন বা তিনিদিন এই লেপটো লগাওঁক। লাহে লাহে কটা ঘাঁ শুকাই আহিব।

🌿(৩). জণ্ডিচ,যকৃত ( liver enlargement)) আৰু প্লীহা বৃদ্ধি (spleen enlargement) , লিভাৰ চিৰ'চিছ ইত্যাদি বিভিন্ন সমস্যাত কেহেৰাজ বৰ উপকাৰী। ই লিভাৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে, পিত্তৰসৰ উৎপাদন ( bile juice) আৰু প্ৰবাহ বৃদ্ধি কৰে, লিভাৰ এঞ্জাইম সমূহ সক্ৰিয় কৰে আৰু অলাগতিয়াল বৰ্জ্য পদাৰ্থসমূহ ( toxins) ওলাই যোৱাত সহায় কৰে। ভোক বঢ়ায় আৰু পাচনতন্ত্রৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে।
🌿 লিভাৰৰ যিকোনো সমস্যাত মানিমুনি, মাটিকাদুৰি, বনজালুকৰ লগত কেইটামান কেহেৰাজৰ আগ মিহলাই আঞ্জা কৰি খালে সুফল পোৱা যায়।
🌿ভূঁই আমলখিৰ ( বা বন আমলখি) ৰস এচামুছ ,কেহেৰাজ পাতৰ ৰস এচামুছ , অকণমান তালমিচিৰি একেলগে এগিলাচ পানীত মিহলাই মাজে মাজে খালেও সুফল পোৱা যায়।

🌿(৪).ছালৰ বিভিন্ন সমস্যা যেনে ছালৰ ভেঁকুৰ জনীত সংক্ৰমণ( fungal infection) খজুৱতি (itching) ,এলাৰ্জি আদিত তলত দিয়া দিহা ব্যৱহাৰ কৰিলে উপশম পোৱা যায়:-
🌿(ক).কেহেৰাজৰ আগ কেইটামান, মানিমুনি, নিমপাত কেইটামান, কেঁচা হালধি অকণমান, তুলসী পাত কেইটামান, জেতুকাৰ পাত একেলগে পিচি পেষ্ট বনাই আক্ৰান্ত অংশত লেপ হিচাবে ব্যৱহাৰ কৰিব লাগে।

🌿(খ). কেহেৰাজ, মানিমুনি,নাৰ্জী ফুলৰ পাত একেলগে পিচি পেষ্ট বনাই লেপ দিলেও সুফল পোৱা যায়।
🌿(৫).ডায়েৰীয়া, ডিচেণ্ট্ৰি আদি পেটৰ অসুখত কেহেৰাজ ব্যৱহাৰ কৰিলে সুফল পোৱা যায়। সকলোৰে ঘৰত উপলব্ধ কিছুমান থলুৱা সামগ্ৰী ব্যৱহাৰ কৰি এইবোৰ ৰোগ ঘৰতে নিৰাময় কৰিব পাৰি। ইয়াৰ বাবে তলত দিয়া দিহা ব্যৱহাৰ কৰি চাব পাৰে:-
🌿 মধুৰীৰ কোমল আগ দুটামান,ডালিমৰ কোমল আগ দুটামান , মানিমুনি অলপ,কেহেৰাজৰ আগ দুটামান একেলগে খুন্দি একাপ পানীত অকণমান ক'লা নিমখ দি চেকণিৰে চেকি লওক। অলপ গৰম কৰি ঠাণ্ডা হোৱাৰ পাছত ৰোগীক খাবলৈ দিয়ক। লগতে পথ্য অপথ্যৰ ওপৰত গুৰুত্ব দিয়ক। কাচকল, ডালিম, মধুৰী , মছন্দৰী আদি সুপথ্য। ৰঙালাও, বেঙেনা, জ্বলা, মচলা যুক্ত খাদ্য পৰিহাৰ কৰক। ৰোগ জটিল হ'লে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

ইয়াৰ উপৰিও ডায়েবেটিচ ৰোগীৰ বাবেও কেহেৰাজ এক বৰদান স্বৰূপ। ডায়েবেটিচ ৰোগীৰ শৰীৰত কটা চিঙা ,ঘাঁ আদি হ'লে সোনকালে নুশুকায়। তেওঁলোকে কেহেৰাজ বন আৰু মানিমুনিৰ প্ৰয়োগ কৰিলে সুফল পাব। ইমানবোৰ গুনেৰে ভৰপূৰ কেহেৰাজ বনৰ কথা কৈও শেষ কৰিব নোৱাৰি। আমাৰ পূৰ্বপুৰুষ সকলে অভিজ্ঞ হাতেৰে এইবোৰ বনৌষধি প্ৰয়োগ কৰি নিৰোগী হৈ আছিল। দকৈ চিন্তা কৰিলে পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ ওচৰত আমাৰ মূৰ দোঁ খাই যায়। সহজলভ্য এই বনৌষধি সমূহ আমি প্ৰত্যেকেই চিনি পোৱা উচিত।
🌿বি:দ্ৰ:- লেখনিটোত থলুৱা বনৌষধিৰ থুলমূল আভাষ এটা দিবলৈ চেষ্টা কৰা হৈছে। জটিল ৰোগৰ ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাঞ্চনীয়।

#ডাঃ ৰেইনী দেৱী ( আয়ুৰ্বেদিক চিকিৎসক)
BAMS ( GU)
বেলতলা, গুৱাহাটী
ফোন 7399114617

17/08/2025

১০বিধ খাদ্য দিনটোৰ কি কি সময়ত খালে কি কি উপকাৰিতা পোৱা যায়? জানিবলৈ video টো চাব আৰু share কৰিব যাতে সকলো উপকৃত হয় আৰু পেজটি follow কৰিবলৈ নাপাহৰিব 🙏🙏

Photos from DrRainee's Healthy Way's post 05/08/2025

#বাৰীৰ_চুকৰ_এবিধ_বনৌষধি_পনৌনোৱাৰ_আচৰিত_গুণ_জানো_আহক
#বাৰিষা কালত অতি সহজতে হোৱা থলুৱা বনৌষধি হৈছে পনৌনোৱা শাক। ঠাই বিশেষে ইয়াক অন্য নামেৰেও জনা যায়। বৈজ্ঞানিক নাম Peperomia pellucida ইংৰাজীত ইয়াক shiny bush বুলি কোৱা হয় । এইবিধ বনশাকৰ আঞ্জা খাবলৈও ধুনীয়া। ঔষধি গুণেৰে ভৰপূৰ পনৌনোৱা শাকৰ গুণাগুণ কিছুমান হৈছে-
🍀ইউৰিক এচিড সমস্যাত ই অতি উত্তম। যিসকল ব্যক্তি এই সমস্যাত ভুগি আছে তেওঁলোকে মাজে মাজে পনৌনোৱা শাকৰ আঞ্জা খালে উপকৃত হব
🍀কিডনি স্টোন সমস্যাটো ই উপকাৰী। কাৰণ ই কিডনিৰ কার্যক্ষমতা বৃদ্ধি কৰে আৰু পেচাবৰ পৰিমাণ বঢ়ায়।
🍀 পেচাবৰ সংক্ৰমণত বা UTI তো পনৌনোৱা উপকাৰী। মহিলাৰ পেচাবৰ সংক্ৰমন বেছিকৈ হয়। গতিকে তেওঁলোকৰ বাবে ই বৰদান স্বৰূপ। শাকৰ আঞ্জা হিচাপে বা এচামুছ বা দুই চামুচ ৰসৰ লগত মিছিৰি দি কেইদিনমান খালে সুফল পাব।
🍀ই কলেষ্টৰল নিয়ন্ত্ৰণ কৰাতো সহায় কৰে। গতিকে হাৰ্টৰ সুৰক্ষা কৰে।
🍀নিদ্ৰাহীনতাৰ সমস্যাতো পনৌনোৱা উপকাৰী। যিসকলৰ টোপনি কমকৈ হয় তেওঁলোকে পনৌনোৱা শাকৰ আঞ্জা খালে নিশ্চয় উপকৃত হব।
🍀চৰ্দি, কাহ, এলাৰ্জি বা অন্যান্য শ্বাস প্ৰশ্বাস জনীত ৰোগতো ই উপকাৰী।
🍀লিভাৰৰ বিভিন্ন সমস্যা যেনে জণ্ডিচ, ফেঁটি লিভাৰ আদিতো ই উপকাৰী।
🍀গাঁঠিৰ বিষ বা আৰথ্ৰাইটিছতো পনৌনোৱা উপকাৰী। কাৰন ইয়াৰ anti inflammatory গুণ আছে
🍀ছালৰ বিভিন্ন সমস্যাতো ই উপকাৰী। কাৰণ আমাৰ শৰীৰৰ পৰা অলাগতিয়াল বৰ্জিত পদাৰ্থবা toxins নিষ্কাষণ কৰাত ই সহায় কৰে।
🍀বগাস্ৰাৱৰ সমস্যাতো পনৌনোৱা উপকাৰী।
🍀পুৰুষ মহিলা প্ৰজনন তন্ত্ৰকো শক্তিশালী কৰে। গতিকে বাৰিষা আমিও মাজে মাজে পনৌনোৱা শাকৰ আঞ্জা খাব লাগে।
🍀🍀🍀এইবিলাক গুণাগুণৰ উপৰিও আমি কিছুমান কথাত সাৱধনতা অৱলম্বন কৰা উচিত-
🍀 মাত্ৰাধিক পৰিমাণে কোনো বস্তু খাব নালাগে। কাৰণ ইয়াৰ পৰা অপকাৰ হব পাৰে। ৰস খাওঁতে সৰহকৈ নাখাব। এচামুছ, দুচামুছ কৈ আৰম্ভ কৰিলে ভাল।
🍀গৰ্ভৱতী আৰু প্ৰসূতি সকলে মাত্ৰাধিক নাখাব অন্যথা অপকাৰ হব পাৰে।
#ডাঃ ৰেইনী দেৱী
আয়ুৰ্বেদিক চিকিৎসক
গুৱাহাটী
7399114617

゚viralシfypシ゚viralシalシ

23/07/2025

যান্ত্ৰিকতাৰ মাজত প্ৰকৃতিৰ লগত অকনমান নিৰিবিলি সময় কটাই সদায় সুখী হওঁ । নিজ হাতেৰে গঢ়া সেউজীয়া পৃথিৱীখন মোৰ বাবে সুখ আৰু শান্তিৰ আলয়। সেউজীয়াৰ পৰশ আমাৰ শৰীৰ আৰু মনৰ বাবে থেৰাপী বুলিয়ে ক'ব পাৰি। আশাকৰোঁ আপোনালোক সকলো ভালে আছে! সকলোৰে সুস্বাস্থ্য কামনা কৰিলোঁ । Stay healthy and happy 🙏

14/07/2025

বাঁহৰ গাজ আৰু খৰিচা কি কি ৫টাবেমাৰত অপকাৰী? খৰিচা ঔষধ হিচাবে কেনেকৈ ব্যবহাৰ কৰিব পাৰি? এনেকুৱা বহুতো দৰকাৰী কথা জানিবলৈ video টো চাব আৰু share কৰিব যাতে সকলো উপকৃত হয়। পেজটো follow কৰিবলৈ নাপাহৰিব

Want your business to be the top-listed Beauty Salon in Guwahati?
Click here to claim your Sponsored Listing.

Category

Telephone

Website

Address

Guwahati
781028