Runima Hassan
14/07/2026
✅✅ সু-প্ৰভাত.... আগত্নক দিনবোৰ যাতে আল্লাহ তা'লাই সুস্থ শৰীৰ, সুন্দৰ মন, শান্তি আৰু বৰকতৰে ভৰাই দিয়ে,তাৰ বাবে সকলোৰে পৰা দোৱা আৰু আশীৰ্বাদ বিচাৰিছোঁ ....🤲🤲🤲
Runima Hassan
✅✅ Way to GMCH for Routine Check -Up 🏥🏥🏥
➡️Sharing real life story as a kidney warrior
📌 After kidney transplant
Runima Hassan
13/07/2026
✅✅ শুভ ৰাতিপুৱা ... আজিৰ দিনটো সকলোৰে বাবে শুভ হওঁক।
Runima Hassan
12/07/2026
✅✅ মধুচক্ৰ মইনা পাৰিজাত,শিকাৰহাটী আৰু দক্ষিণ কামৰূপ আঞ্চলিক মইনা পাৰিজাতৰ আমন্ত্ৰণ ক্ৰমে গুৱাহাটী জিলা মইনা পাৰিজাতৰ আবৃত্তি কৰ্মশালাত আমি বোৰ ......❤️❤️❤️
Runima Hassan
09/07/2026
আলহামদুলিল্লাহ 🤲
✅✅ প্ৰতিটো মূহুৰ্তত মৃত্যুৰ ক্ষণ গননা কৰা মানুহ জন ও আজি সুস্থ। তোমাৰ সুস্থতাত মই মোৰ সফলতা বিচাৰি পাইছোঁ। মোৰ প্ৰতিটো মূহুৰ্তৰ কষ্ট সুখ, শান্তিত পৰিণত হৈছে। তোমাৰ সুস্থতাৰ পিছত জীৱনত যেন পাবলৈ আৰু একোৱেই নাই কিন্তু তোমাক লৈ দেখা প্ৰতিটো সপোন বাস্তৱত ৰূপ দিবলৈ যে বৰ হেঁপাহ।।❤️❤️
Runima Hassan
08/07/2026
✅✅ অতীত মানে হেৰুৱা দিন নহয়, অতীত মানে জীৱনক গঢ় দিয়া প্ৰতিটো পাঠ। অতীতৰ যি স্মৃতিবোৰে চকুত পানী আনে, সেইবোৰই হৃদয়খন আটাইতকৈ বেছি শক্তিশালী কৰে ।💯💯
Runima Hassan
06/07/2026
✅✅ আবেলি ছুটিৰ পিছত কেইজনমান ছাত্ৰ-ছাত্ৰীৰ সৈতে এটা সুন্দৰ মূহুৰ্ত বন্দী কৰিলোঁ। এওঁলোকৰ প্ৰতিটো প্ৰশ্ন, প্ৰতিটো মুখৰ হাঁহিতেই লুকাই আছে কাইলৈৰ সফলতাৰ বীজ আৰু ভৱিষ্যত গঢ়াৰ সাহস।💯💯
Runima Hassan
04/07/2026
✅✅ বিদ্যালয়ৰ দেউলীয়া পলকৰ পৰা আৰম্ভ কৰি বিশ্ববিদ্যালয়ৰ বিশাল পৰিসৰলৈকে—জীৱনৰ এই দীঘলীয়া যাত্ৰাত মই বহু বন্ধু-বান্ধৱী লগ পালোঁ। মোৰ প্ৰতিটো কঠিন ক্ষণত, প্ৰতিটো বিপদত যিসকলে মোৰ ছাঁ হৈ থিয় দিছিল, তেওঁলোকৰ ওচৰত মই চিৰকৃতজ্ঞ। ইয়াৰ ভিতৰত মোৰ বিশ্ববিদ্যালয় জীৱনৰ সহপাঠী বন্ধু মঞ্জুৰ আলমৰ (Manjur Alom) ভূমিকা মোৰ বাবে আছিল এজন সংকটাপন্ন সময়ৰ সাৰথি।
যিদিনাৰ পৰা কিডনী বিকলৰ কলা আন্ধাৰে জীৱনত বাহ ল'লে, সেইদিনাৰ পৰা তেওঁ কেৱল এজন বন্ধু হৈ থকা নাছিল,বৰঞ্চ শাৰীৰিক, মানসিক আৰু আৰ্থিকভাৱে মোৰ আটাইতকৈ ডাঙৰ সাহস হৈ পৰিছিল । হাস্পতালৰ সেই যান্ত্ৰিক দৌৰাদৌৰি, চিকিৎসকৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা, আৰু আটাইতকৈ কৰুণ -যেতিয়া ডায়েলাইচিছৰ অসহ্য যন্ত্ৰণাত মোৰ উশাহবোৰ চুটি হৈ আহিছিল আৰু জীয়াই থকাৰ আশা হেৰুৱাই যাব খুজিছিল, তেতিয়া মোৰ কাণত মই/আমি আছোঁ নহয়, বুলি জীৱনৰ সাহস যোগোয়া মানুহজনেই আছিল মোৰ বন্ধু মঞ্জুৰ।
হে বন্ধু, তুমি প্ৰমাণ কৰিলাঁ যে বন্ধুত্ব তেজৰ সম্পৰ্কতকৈও গভীৰ—ই এক পবিত্ৰ হৃদয়ৰ বান্ধোন। প্ৰকৃত বন্ধুৱে কেৱল পোহৰতে সংগ নিদিয়ে, অন্ধকাৰতো বাট দেখুৱায়। আল্লাহ তা'লাই তোমাক সদায় সুস্থ, সুখী আৰু দীৰ্ঘায়ু কৰে যেন তাৰে কামনা কৰিলোঁ।।🤲🤲
Runima Hassan
03/07/2026
✅✅ যিদিনা কিডনী বিকলৰ বজ্ৰপাত পৰিছিল মোৰ প্ৰিয় মানুহজনৰ জীৱনলৈ, যিদিনা চকুৰ আগত গোটেই পৃথিৱীখন এন্ধাৰ হৈ গৈছিল নিমিষতে -সেই প্ৰথম দিনৰ পৰা অপাৰেশ্যনৰ উৎকণ্ঠালৈকে তুমি আছিলা ছাঁ হৈ,সাহস হৈ আৰু ভৰষা আছিল একমাত্ৰ আল্লাহৰ ওপৰত । যেতিয়া কিডনী ট্টানচপ্লাণ্টৰ জটিল পথ অতিক্ৰম কৰি মোৰ মানুহজনে নতুন জীৱনৰ পোহৰ দেখিলে,সেই পোহৰৰ এচমকা তুমিয়েই আছিলা,ৰকি ( মোৰ ভাইটি, মোৰ স্বামীৰ বন্ধুস্বৰূপ খুলশালা)। হস্পিতালৰ বাৰাণ্ডাৰ পৰা অপাৰেশ্যন থিয়েটাৰলৈ, ৰিপৰ্টৰ ফাইলৰ পৰা ফাৰ্মাচীলৈ, নিশাৰ পিছত নিশা উজাগৰে কটাই ভাগৰকো হহাঁ মাৰি খেদি পঠিয়াই ভাইটি হৈ নহয়, তুমি ভাতৃৰ ধৰ্ম পালন কৰিলা । তুমিয়েই শিকালা- বিপদেই চিনাকি দিয়ে প্ৰকৃত আপোন কোন ।
তোমাৰ জীৱনৰ বাটত যেন কেতিয়াও কষ্টৰ ডাৱৰে ঢাকি নধৰে। আয়ু যেন হয় যুগমীয়া, হাঁহি যেন থাকে চিৰস্থায়ী, তোমালৈ থাকিল অপাৰ শ্ৰদ্ধা,মৰম আৰু আশীৰ্বাদ।💞
Runima Hassan
Jummah Mubarak to All
Friday is a reminder that no matter how hard your week was, Allah is always ready to grant you a fresh start.
Click here to claim your Sponsored Listing.
Category
Address
Ahmedabad
